গুৱাহাটী, অসম – ৯ জানুৱাৰী, ২০২৫ – স্বেচ্ছাসেৱক অনুষ্ঠান XOBDO.ORG ৰ বাৰ্ষিক সভাখন যোৱা ৮ জানুৱাৰী, ২০২৫ তাৰিখে সঁতাৰ মাধ্যমত সফলতাৰে অনুষ্ঠিত হৈ যায়। এই বৈঠকত সংগঠনটোৰ মূল গোটৰ সদস্যসকল সমবেত হৈ বিগত বছৰত সমাপন কৰা উল্লেখযোগ্য কাৰ্য্যাৱলী আৰু ভৱিষ্যতে হাতত ল’বলগীয়া কৰ্মসূচীৰ বিষয়ে বিশদভাৱে আলোচনা কৰে৷
শেহতীয়াকৈ ছ’চাইটি পঞ্জীয়ন আইনৰ অধীনত XOBDO.ORG ৰ পঞ্জীয়ন নৱীকৰণ সফলতাৰে সম্পন্ন হোৱাৰ বাবে বৈঠকত উপস্থিত সদস্যসকলে সন্তোষ প্ৰকাশ কৰে।
আশা কৰা হৈছে যে এই পঞ্জীয়নে অনুষ্ঠানটিৰ কাৰ্য্যকৰী বিকাশৰ অৰ্থে এক শক্তিশালী ভেটি গঢ়ি তুলিব। সদস্যসকলে সৰ্বসন্মতিক্ৰমে অনুষ্ঠানটিৰ নেতৃত্ব বহনকাৰী গোটটোক পুনৰ আগন্তুক এক বছৰৰ বাবে দায়িত্ব প্ৰদান কৰে আৰু অনুষ্ঠানটোৰ কৰ্মসূচী ৰূপায়ণৰ বাবে কৰ্তৃত্ব দিয়ে৷
বৈঠকত গ্ৰহণ কৰা মূল প্ৰস্তাৱসমূহ হ’ল-
- অসমীয়া - ইংৰাজী অনলাইন অভিধানখনৰ পৰিশোধন আৰু সম্প্ৰসাৰণৰ পৰিকল্পনা, নতুন শব্দ আৰু উচ্চাৰণ সংযোজন, আৰু অতিৰিক্ত বৈশিষ্ট্যসমূহ অন্তৰ্ভুক্ত কৰি উন্নীতকৰণ কৰা হ’ব
- ব্যৱহাৰকাৰীৰ অভিজ্ঞতা অধিক সুচল কৰাৰ উদ্দেশ্যে এজন পেছাদাৰী UX ডিজাইনাৰ নিয়োজিত কৰি ৱেব্ছাইট্টোৰ ব্যৱহাৰযোগ্যতা উন্নীত কৰা হ’ব৷
- কৃত্ৰিম বুদ্ধিমত্তা আৰু মেচিন লাৰ্নিং ব্যৱহাৰ কৰি “লিটিকাই” বানান-পৰীক্ষক সঁজুলিটিৰ অধিক বিকাশ কৰা হ’ব।
- সংখ্যালঘূ ভাষাসমূহৰ শব্দসমূহৰ গুণগত মান পৰীক্ষা আৰু তথ্য সম্প্ৰসাৰণৰ বাবে তেনে ভাষাসমূহ ব্যৱহাৰ কৰা থলুৱা বিশেষজ্ঞক নিয়োজিত কৰাৰ প্ৰচেষ্টা চলোৱা হ’ব৷
- অসমীয়া - ইংৰাজী অনুবাদ আৰু উচ্চাৰণৰ দক্ষতাৰ স্বীকৃতি প্ৰদান কৰাৰ বাবে তেনে দক্ষতা সম্পন্ন ব্যক্তিক XOBDO.ORG ৰ তৰফৰ পৰা প্ৰমাণপত্ৰ দিয়াৰ এক ব্যৱস্থা প্ৰৱৰ্তন কৰা হ’ব৷
- ইচ্চ্যুক ছাত্ৰ-ছাত্ৰীক বাবে Internshipৰ ব্যৱস্থা কৰা হ’ব৷
তদুপৰি, বিভিন্ন সংবাদ মাধ্যম ব্যৱহাৰ কৰি নিয়মীয়া ৱেবিনাৰ, কৰ্মশালা, আৰু প্ৰচাৰমূলক প্ৰচেষ্টাৰ জৰিয়তে XOBDO.ORG আৰু ইয়াৰ কাৰ্য্যাৱলী সম্পৰ্কে সজাগতা সৃষ্টি আৰু অংশগ্ৰহণকাৰীৰ সংখ্যা বৃদ্ধি কৰাৰ প্ৰয়াস কৰা হ’ব।
সভাৰ শেষত সভাপতি বিক্ৰম ম. বৰুৱাই ২০২৫ বৰ্ষটো XOBDO.ORG ৰ বাবে এক সফল ৰূপান্তৰণৰ বছৰ হ’ব বুলি আশা প্ৰকাশ কৰে।
উল্লেখযোগ্য যে, XOBDO.ORG অসমীয়া আৰু উত্তৰ-পূৰ্বাঞ্চলৰ অন্যান্য থলুৱা ভাষাৰ প্ৰসাৰ আৰু সংৰক্ষণৰ বাবে উৎসৰ্গিত এক বেচৰকাৰী অনুষ্ঠান৷